January 5, 2026 12:50 PM

views 11

অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয়-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ

ৰাজ্য চৰকাৰে অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ দিছে। সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৭৯ শতাংশ ছাত্ৰ-ছাত্ৰীৰ APAAR পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আধাৰ কাৰ্ড থকা ১১ শতাংশ ছাত্র-ছাত্ৰীয়ে এতিয়াও APAAR পৰিচয় পত্ৰৰ বাবে আবেদন কৰা নাই। ইপিনে, আধাৰকাৰ্ড নথকা ১২ শতাংশ ছাত্ৰ-ছাত্ৰীৰ APAAR পৰিচয় পত্ৰত নাম সন্নি...