December 31, 2025 12:23 PM

views 14

ফেব্ৰুৱাৰীৰ শেষভাগত অথবা মাৰ্চৰ প্ৰথমভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

অহা ফেব্ৰুৱাৰীৰ শেষভাগত নাইবা মাৰ্চৰ প্ৰথমভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বুথ পৰ্যায়ৰ বিষয়াসকলে সংশোধিত খচৰা ভোটাৰ তালিকাৰ সবিশেষ সংশ্লিষ্ট গাঁওসভাসমূহক প্ৰদান কৰিব। ৩, ৪, ১০ বা ১১ জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ'ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব। শ্ৰী গোৱেলে কয়, যে ৰাজ্যত ...