December 13, 2024 7:36 PM

views 10

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ কৰে। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা, মীন আৰু কৃষি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে এই বঁটাৰ জৰিয়তে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাটো চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, বিজয় মালাকৰ, বিজেপিৰ জিলা সভাপতি তথা জিলা উন্নয়ন বিষয়াকে ধৰি অন্যান্য বহু লোক উপস্থিত থাকে।