August 28, 2024 10:08 AM

views 14

নতুন দিল্লীত চলিত বছৰৰ অনুভৱ বঁটা প্ৰদান কৰিব মন্ত্ৰী ড০ জিতেন্দ্র সিঙে

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বছৰৰ অনুভৱ বঁটাসমূহ প্ৰদান কৰিব। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এইবাৰ ২২টা মন্ত্ৰ্যালয় আৰু বিভাগে প্ৰকাশ কৰা লেখাৰ মাজৰ পৰা পাঁচটা অনুভৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগতে ১০টাই বিচাৰকৰ প্ৰমাণপত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে ২০১৫ চনত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে অনুভৱ শীৰ্ষক মঞ্চ মুকলি কৰিছিল। এই মঞ্চ অৱসৰপ্ৰাপ্ত আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰিৰ কালছোৱাত প্ৰদ...