January 10, 2026 12:08 PM

views 15

মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ’ব : গৃহমন্ত্রী অমিত শ্বাহ

চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। তিনি বছৰ ধৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে দেশখনক নিচামুক্ত কৰা। নতুন দিল্লীত কালি এন চি অ' আৰ ডিৰ মাদকদ্রব্য সহযোগিতা কেন্দ্ৰৰ নৱম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰী শ্বাহে এই কথা ঘোষণা কৰে। তেওঁ কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগে ২০২৯ চনলৈকে এখন নক্সা প্ৰস্তুত কৰি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সময়সীমাবদ্ধ পর্যালোচনা ব্যৱস্থা স্থ...