November 4, 2024 6:57 PM

views 29

নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ বৰপেটাৰ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ অভিযান অব্যাহত

বৰপেটা জিলাৰ বিভিন্ন স্থানত নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কলগাছিয়া ৰাজহ চক্ৰৰ খাৰবল্লি, সুথিৰপাথাৰ, আমগুৰিকে ধৰি কেইবাখনো গাঁৱত চলোৱা অভিযানত ভাং খেতি নষ্ট কৰা হয় ৷ বিগত কিছুদিন ধৰি ৰাইজে নিজাববীয়াকৈ এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কমেও সাতটা পৰিয়ালৰ ঘৰৰ চৌহদৰ ভাং খেতি ৰাইজে নষ্ট কৰিছে বুলি জানিব পৰা গৈছে।

June 28, 2024 12:39 PM

views 5

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন

তেজপুৰত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত দেশৰ আগশাৰীৰ কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞ উপস্থিত থাকে।

June 26, 2024 11:58 AM

views 23

ৰাজ্যত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন

আজি ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে - ‘প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক’। ৰাজ্যত শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত বেজীৰ দ্বাৰা ড্ৰাগছ গ্রহণক এটা প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে ড্ৰাগছ গ্ৰহণকাৰীৰ মাজত ব্যৱহৃত বেজি আৰু চিৰিঞ্জৰ আদান-প্রদানে এইচ আই ভি সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। ড্ৰাগছ নিৰ্ভৰশীলতাৰ উপযুক্ত চিকিৎসাৰ বাবে বেজীৰে ড্ৰাগছ গ্ৰহণকাৰীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎ‍সালয়, কাৰ্বি আংল...