October 12, 2025 10:57 AM

views 42

এনথ্রপিক কৃত্রিম বুদ্ধিমত্তা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ’ আমোদেইৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত এনথ্রপিক নামৰ কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া দাৰিঅ' আমোদেইয়ে সাক্ষাৎ কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনথ্ৰ'পিকৰ সম্প্ৰসাৰণক আদৰণি জনোৱাৰ লগতে কয়, যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ বাবে ভাৰতে এনথ্র পিকৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী। তেওঁ লগতে কয়, যে ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশতন্ত্রটো অধিক শক্তিশালী আৰু দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে কৃত্রিম বুদ্ধিমত্তাৰ উদ্ভাৱনক আগুৱাই ...