July 19, 2024 12:01 PM

views 12

অমৰনাথ গুহা অভিমুখে আজি ৪,৮২১গৰাকী যাত্ৰীৰ এটা দলৰ যাত্ৰাৰম্ভ

অমৰনাথ তীর্থ যাত্ৰাৰ চাৰি হাজাৰ ৮২১ গৰাকী যাত্ৰীৰ আন এটা দলে জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিবাসৰ পৰা পৱিত্ৰ অমৰনাথ গুহা অভিমুখে যাত্ৰা কৰিছে। আজি পুৱা তীর্থ যাত্রীসকলে ১৫০ খন বাহনেৰে এই যাত্ৰা আৰম্ভ কৰে। এই দলটোত তিনি হাজাৰ ২৫৯ গৰাকী পুৰুষ, এহেজাৰ ৪৮২ গৰাকী মহিলা, ৮ টি শিশু, ৬৩ গৰাকী সাধু আৰু ৯ গৰাকী মহিলা সাধু আছে।