August 11, 2024 8:17 PM

views 61

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীৰ মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সহযোগিতা সন্দৰ্ভত আলোকপাত

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যসমূহৰ সামাজিক কল্যাণ আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপাল আৰু প্ৰশাসকসকলৰ সৈতে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়ে। তেওঁ কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এনে সহযোগিতা অপৰিহাৰ্য।...