December 31, 2024 1:08 PM
8
চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তদন্ত
চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে সম্পূর্ণ তদন্ত চলাই আছে বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়ত হোৱা এই ঘটনাৰ সবিশেষ তথ্য লাভ কৰাৰ পাছত ইয়াৰ তদন্তৰ বাবে অধিক তথ্য প্রমাণ আহৰণৰ উদ্দেশ্যে এখন সমিতি চেন্নাইলৈ প্ৰেৰণ কৰা হৈছে। সমিতিখনে ঘটনাটোৰ সবিশেষ তথা এই সন্দৰ্ভত চলাই থকা তদন্তৰ পৰ্যালোচনা সুনিশ্চিত কৰাৰ বাবে এলানি পদক্ষেপ গ্ৰহণ কৰিছে। সমিতিখনে এই ঘটনাৰ ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰি ঘটনাৰ সবিশ...