December 4, 2025 6:57 PM December 4, 2025 6:57 PM

views 8

অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰাৰ লক্ষ্যৰে অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়

মহিলাসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়। দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেওঁলোকক শুভেচ্ছা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত বৰপেটা জিলাত মহিলা আয়োগৰ কামকাজ কাজ পর্যালোচনা কৰা হয়। তদুপৰি জিলাখনত মহিলাৰ বিৰুদ্ধে অপৰাধ, নির্যাতন আদি ব্যৱস্থা সম্পৰ্কেও পর্যালোচনা কৰা হয়। আ...