March 2, 2025 8:34 PM March 2, 2025 8:34 PM

views 42

এংগোলাত দুশৰো অধিক লোকৰ কলেৰাত মৃত্যু

এংগোলাত কলেৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দুশৰো অধিক হৈছে। এংগোলাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি জানুৱাৰী মাহৰ পৰা দেশখনৰ ৫৫০০ৰো অধিক লোক কলেৰাত আক্ৰান্ত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক গোলকীয় স্বাস্থ্যৰ প্ৰতি ভাবুকি বুলি প্ৰকাশ কৰিছে।