May 27, 2025 11:55 AM

views 30

লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰত অঙ্গনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ

◆ অঙ্গনবাড়ী কেন্দ্ৰসমূহত সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে কালি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ, ধেমাজি আৰু শিৱসাগৰ জিলাত অঙ্গনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ কৰে। শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে ৯০ গৰাকী অঙ্গনবাড়ী কর্মীক স্মার্ট ফোন প্ৰদান কৰে। ডাঃ পেগুৱে সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ডিজিটেল সৱলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্রকাশ কৰে। ডাঃ পেগুৱে অঙ্গনবাড়ী কৰ্মীসকলক শিশুৰ যত্ন আৰু পৰিপুষ্...

May 17, 2024 6:37 PM

views 32

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

বৰপেটা জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য, অংগনৱাড়ী কেন্দ্ৰৰ খাদ্যৰ লগতে মিঠাইৰ দোকানৰ খাদ্যসমূহ পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনত খাদ্যৰ মান উন্নত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ লোৱা হৈছে। খাদ্যৰ মান পৰীক্ষা প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত খাদ্যৰ গুণাগুণ পৰীক্ষা কৰা এখন ভ্রাম্যমান বাহন আজি উদ্বোধন কৰা হয়। কেন্দ্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত দেশৰ খাদ্য সুৰক্ষা আৰু মানসম্পন্ন প্ৰাধিকৰণৰ উদ্যোগত এই পদক্ষেপ গ্রহণ কৰা হৈছে। জিলা আয়ুক্ত আয়ুষ গৰ্গে পত...