July 27, 2025 11:39 AM

views 16

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে ১৭৪ ৰানৰ পৰা দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব

মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি অন্তিম দিনা ভাৰতে দুটা উইকেট হেৰুৱাই কালি সংগ্ৰহ কৰা ১৭৪ ৰানৰ পৰা দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলৰ চতুৰ্থ দিনা কালি ইংলেণ্ডে ৩১১ ৰানৰ বিশাল অগ্রগতি লাভ কৰাৰ পাছত ভাৰতে দ্বিতীয় ইনিংছৰ আৰম্ভণিতে দুটা উইকেট হেৰুৱাই শ'লঠেকত পৰে। অৱশ্যে অধিনায়ক সুভমন গীলে আৰু কে এল ৰাহুলে সংঘৰ্ষপূৰ্ণ বেটিঙেৰে দলৰ বাবে আশাৰ সঞ্চাৰ কৰে। দিনান্তত সুভমন গীল ৭৮ আৰু কে এল ৰাহুল ৮৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভ...