June 22, 2024 8:53 PM
21
তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰ স্বর্ণ পদক লাভ
ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীয়ে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত কম্পাউণ্ড শাখাৰ দলীয় শিতানত স্বর্ণ পদক লাভ কৰিছে। ভাৰতীয় মহিলা দলটোৱে আজি বিয়লি অনুষ্ঠিত ফাইনেলত ইষ্টোনিয়াক ২৩২-২২৯ ফলাফলত পৰাভূত হয়। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এই খেলবৰ্ষত তিনিওটা বিশ্বকাপৰ দলীয় শিতানত সোণৰ পদক হস্তগত কৰাৰ কৃতিত্ব লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বৰ ১ নম্বৰ স্থানৰ ভাৰতীয় মহিলা দলটোৱে চাংহাইত অনুষ্ঠিত বিশ্বকাপ ২০২৪ৰ প্ৰথম পৰ্যায়ত ইটালীক আৰু য়েছিঅ’নত অনুষ্ঠিত দ্বিতীয় পৰ্যা...