October 3, 2024 12:42 PM October 3, 2024 12:42 PM

views 10

ৰাজ্যৰ আনন্দৰাম বৰুৱা নগদ ধন প্ৰদান আঁচনিত আৱেদন কৰা ৯৮২গৰাকী শিক্ষাৰ্থীৰ বেংক একাউণ্টৰ তথ্যত বিসংগতি

ৰাজ্য চৰকাৰৰ আনন্দৰাম বৰুৱা নগদ ধন প্ৰদান আঁচনিৰ অধীনত আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ৯৮২ গৰাকীৰ বেংক একাউণ্টৰ তথ্যত বিসংগতি ধৰা পৰিছে। সেয়েহে মাধ্যমিক শিক্ষা সঞ্চালকে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক এই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে যোগাযোগ কৰি ৫ অক্টোবৰৰ ভিতৰত বেংক একাউণ্টৰ শুদ্ধ তথ্যসহ নতুনকৈ আবেদন দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাটোত লগতে উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা মুঠ ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষার্থী আনন্দৰাম বৰুৱা নগদ ধন প্ৰদান আ...