May 21, 2025 12:25 PM

views 9

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মবার্ষিকীত শ্রদ্ধা নিবেদন

পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। সংস্কৃত ভাষাৰ পণ্ডিতগৰাকীৰ সন্মানার্থে আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থাৰ উদ্যোগত আজি এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত কাৰ্যসূচীত নতুন দিল্লীৰ ভাৰতীয় সমাজ বিজ্ঞান অনুসন্ধান পৰিষদৰ সদস্য সচিব অধ্যাপক ধনঞ্জয় সিঙে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱা স্মাৰক বক্তৃতা আগবঢ়াব। এই অনুষ্ঠানত শিক্ষা মন্...

January 19, 2025 7:07 PM

views 14

শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহান শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ এটা বাৰ্তাত কয়, যে জনজাতীয় জীৱনক সমৃদ্ধ কৰা অসম সন্তান আনন্দ ৰাম বৰুৱা শিক্ষা, সাহিত্য আৰু প্ৰশাসনৰ ক্ষেত্ৰত এক উজ্জ্বল নক্ষত্ৰ আছিল। পণ্ডিত আনন্দ ৰাম বৰুৱা কেৱল প্ৰথম অসমীয়া প্ৰশাসনীয় বিষয়াই নহয় বৰং সংস্কৃত ভাষা আৰু সাহিত্যৰ জ্ঞানৰ বাবেও তেওঁ বিখ্যাত আছিল। এইগৰাকী মহান ব্যক্তিত্বৰ পাণ্ডিত্য, প্রশাসনিক দক্ষতা আৰু দেশপ্ৰেমে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰ...