October 4, 2025 9:17 PM October 4, 2025 9:17 PM

views 9

মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূলসুঁতিলৈ ঘূৰি আহিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত বাঁওপন্থী উগ্রবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰিছে। মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূল সুঁতিলৈ ঘুৰি আহিবলৈ আহ্বান জনায় তেওঁ কয়, যে সশস্ত্র সংগ্ৰামৰ পথত থকা সকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। আজি ছত্তিশগড়ৰ জগদলপুৰত অনুষ্ঠিত বস্তৰ দশেৰা লোক উৎসৱত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নক্সালবাদৰ সমস্যাৰ বাবে এই অঞ্চল উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। অৱশ্যে অহা বছৰৰ ৩১ মাৰ্চৰ পিছত উগ্ৰপন্থীয়ে বস্তৰৰ উন্নয...