June 16, 2025 1:00 PM

views 47

আগন্তুক লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক লোকপিয়লৰ প্ৰস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ সচিব আৰু অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা পোষ্টযোগে শ্রীশ্বাহে কয়, যে আজি লোকপিয়ল সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনাৱলী প্ৰকাশ কৰা হ'ব। প্ৰথমবাৰৰ বাবে লোকপিয়লত জাতি গণনাৰ ব্যৱস্থা কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৩৪ লাখৰো অধিক গণনাকাৰী আৰু তত্বাৱধায়কৰ লগতে এক লাখ ৩০ হাজাৰৰো অধিক লোকপিয়লৰ কর্মীয়ে দেশজুৰি অভিযান চলাব। লোকপিয়লৰ ...

August 27, 2024 8:15 PM

views 47

নতুন দিল্লীত কাইলৈ আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ’ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ'ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন-জনসাধাৰণকেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ড০ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে ২০২৩ আৰু ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উত্তম সেৱা পদক প্ৰাপকসকলক সন্মান জনাব। অনুষ্ঠানত গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ'ৰ ভাৰতীয় আৰক্ষী পত্রিকাৰ বিশেষ ...

August 27, 2024 6:25 PM

views 49

আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সমাৰোহত অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন- জনসাধাৰণকেন্দ্ৰিক সংস্কাৰ সন্দৰ্ভত ড০ আনন্দ স্বৰূপ গুপ্তা স্মাৰক বক্তৃতা প্ৰদান কৰিব। তেওঁ লগতে ২০২৩ আৰু ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উত্তম সেৱা পদক প্ৰাপকসকলক সন্মান জনাব। অনুষ্ঠানত গৃহ মন্ত্ৰীগৰাকীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰ'ৰ ভাৰতীয় আৰক্ষী পত্রিকাৰ বিশেষ ...

April 29, 2024 12:29 PM

views 62

গৃহমন্ত্রী অমিত শ্বাহৰ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি ৰাজ্যখনলৈ আহিব। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। শ্ৰী শ্বাহে আজি মহানগৰত বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্বাচনী সূচীৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে কেতবোৰ পথত যান-বাহনৰ চলাচলত বিশেষ নির্দেশনা জাৰি কৰিছে। এই পথসমূহত ড্ৰোণৰ উৰণ আৰু আতচবাজী নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। মহানগৰ যান-বাহন নিয়ন্ত্রণ শাখাই এটা বিবৃতিত...