December 10, 2025 3:25 PM

views 24

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে’ল ষ্টেচনৰ কাম সম্পূৰ্ণ

চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৬০ টা ৰে'ল ষ্টেচনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই আঁচনিখনৰ অধীনত উন্নয়নৰ বাবে ১,৩০০ টাৰো অধিক ষ্টেচন চিনাক্ত কৰা হৈছে। তেওঁ কয়, যে চৰকাৰে ৰে’ল ষ্টেচনসমূহত যাত্রী বিশ্রাম ক্ষেত্র, যাত্রী প্রেক্ষাগৃহ, যান-বাহন ৰখোৱা ঠাই নিৰ্মাণ কৰি যাত্ৰীৰ সা-সুবিধা উন্নত কৰাৰ বাবে আৰু ৰে'লৱে ষ্টেচনলৈ যাত্ৰা সুগম কৰি তোলাৰ বাবে কাম কৰি আছে। যাত্ৰীৰ সুৰক্ষাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি ষ্টেচ...

May 22, 2025 3:14 PM

views 30

আজি অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলিৰ লগতে বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণি

অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে পাকিস্তানক ইয়াৰ দুষ্কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ বিকানেৰত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ এইদৰে কয়। অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলি আৰু বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি এই জনসভাখনৰ আয়োজন কৰা হয়। জনসভাত দিয়া ভাষণত চৰকাৰে সশস্ত্র বাহিনীসমূহক অভিযানৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি উল্লেখ ...

May 22, 2025 11:28 AM

views 39

দেশৰ মুঠ ১০৩টা ৰে’ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত

● নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে'ল ষ্টেচনৰ লগতে দেশৰ মুঠ ১০৩টা ৰে'ল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাওঁ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশগ্রহণ কৰিব। অনুষ্ঠানত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। অমৃত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰ...

May 21, 2025 8:05 PM

views 26

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

May 20, 2025 8:04 PM

views 28

নগাঁৱৰ হয়বৰগাওঁ ৰে’ল ষ্টেছনৰ লগতে দেশৰ মুঠ ১০৩ টা ৰে’ল ষ্টেছনক ২২ মে’ত অমৃত ভাৰত ষ্টেছনলৈ উন্নীত কৰা হ’ব

নগাওঁ জিলাৰ হয়বৰগাওঁ ৰে’ল ষ্টেছনৰ লগতে দেশৰ মুঠ ১০৩ টা ৰে’ল ষ্টেছনক ২২ মে’ত অমৃত ভাৰত ষ্টেছনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে ষ্টেছনকেইটা মুকলি কৰিব। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই আজি নগাওঁত এখন সংবাদমেলযোগে এই বিষয়ে প্রকাশ কৰে। পৰহিলৈ এই উপলক্ষে হয়বৰগাওঁ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে অমৃত ভাৰত ষ্টেছন আঁচনিৰ অধীনত, ১৮৮৭ চনতে স্থাপিত হয়বগাঁও ষ্টেছনক আধুনিক ৰূপত সজাই তোলা হৈছে...

April 9, 2025 3:58 PM

views 30

ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে’ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে: মুখ্যমন্ত্রী

● ৰাজ্যত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৪৭ টা ৰে'ল ষ্টেচনৰ উন্নয়নমূলক কাম অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কয় যে এই প্ৰকল্পৰ অধীনত বিশেষকৈ দিব্যাংগ যাত্ৰীসকলৰ বাবে পানীৰ বুথ, নতুন পদপথ সেতু, উন্নত সঞ্চালন এলেকা আদিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ ৰে'ল আন্তঃগাঁথনিৰ উন্নয়নেৰে আধুনিক তথা সুলভ ৰে'ল অভিজ্ঞতা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে বুলি তেওঁ প্ৰকাশ কৰে।