April 7, 2025 7:58 PM

views 16

দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশৰ সীমান্ত সমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটা বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা মোতায়েন কৰিছে। জম্মু আৰু কাশ্মীৰলৈ অনুপ্ৰৱেশৰ বাবে সন্ত্রাসবাদীয়ে আন্তৰাষ্ট্ৰীয় সীমান্তত স্থাপন কৰা সুৰঙ্গসমূহ বিচাৰি উলিয়াই সেইসমূহ ধ্বংস কৰিবলৈ সেই নিৰীক্ষণ ব্যৱস্থাত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ সহায় লোৱা হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তিনিদিনীয়া ভ্রমণসূচীৰে জম্মু-কাশ্মীৰলৈ যোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কথোৱা জিলাৰ ভাৰত - পাকিস্তান সীমান্তৰ ...

April 6, 2025 8:48 PM

views 22

নাথ সম্প্রদায়ে সনাতন ধর্ম শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ কোটপুতলী-বেহৰৰ জিলাৰ পাওতাত এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ বাবড়িৰ তপোস্থলীৰ যোগী বাব বালনাথে আয়োজন কৰা ১০৮ বছৰীয়া কুণ্ডিয়া ৰুদ্ৰ মহা মৃত্যুঞ্জয় মহাযজ্ঞত অংশগ্ৰহণ কৰে। শ্ৰীশ্বাহে সনাতন ধর্ম সন্মিলনত অংশগ্ৰহণ কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ কয়, যে বাবা বালনাথে জনসাধাৰণৰ কল্যাণ, পশু-পক্ষীৰ সেৱা, পৰিৱেশ ৰক্ষা আৰু সামাজিক সম্প্ৰীতিৰ বাবে কাম কৰিছিল আৰু তেওঁৰ অনুগামীসকলে এই কাৰ্য্যক আগুৱাই নিছে। শ্রীশ্বাহে কয়, যে নাথ সম্প্রদায়...

April 5, 2025 9:06 PM

views 18

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’বঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। গৃহ মন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ আদিবাসী লোকসকলৰ শিল্প আৰু কাৰু শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বস্তাৰ পাণ্ডুমক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে, অহা বছৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ...

April 5, 2025 11:36 AM

views 12

বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল’ব গৃহমন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি চত্তিশগড়ৰ বাস্তৰ খণ্ডৰ দান্তেৱাৰা জিলাত বাস্তৰ পাণ্ডুম মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ ল'ব। গৃহমন্ত্ৰীগৰাকী কালি দুদিনীয়া চত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্রীশ্বাহে আজি ৰায়পুৰত নক্সালবিৰোধী অভিযান সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে দান্তেৱাৰাৰ মা দান্তেশ্বৰী মন্দিৰ দৰ্শন কৰিব।

April 4, 2025 5:06 PM

views 9

সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংসদত ৱক্‌ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ইয়াৰ জৰিয়তে অন্যায় আৰু দুৰ্নীতিৰ এছোৱা দীঘলীয়া সময়ৰ অৱসান ঘটাই ন্যায় আৰু সমতাৰ যুগৰ আৰম্ভণি হ’ল। এই ব্যৱস্থাই দেশৰ মুছলমান সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ লগতে মহিলা আৰু শিশুসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে এতিয়াৰে পৰা ৱক্‌ফ বোর্ড আৰু ৱফৰ সম্পত্তিসমূহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতাৰ ব্য...

March 30, 2025 9:27 PM

views 6

এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত গৃহমন্ত্ৰী অমিত শ্বাহৰ

● জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত কৰিছে। বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰী শ্বাহে এই কথা প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকী বিহাৰ ভ্ৰমণৰ অন্তিম খেপত আজি পাৰ্টনাত এন ডি এৰ পাঁচোটা দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গোপালগঞ্জত এখন জনসভাক সম্বোধন কৰাৰ পাছত শ্ৰী শ্বাহে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ চৰকাৰী বাসগৃহত এই নেতাসকলৰ সৈতে মিলিত হৈ বিহাৰ বিধানসভা নির্বাচন সম্পর্কীয় বিভিন্ন বিষয়ৰ লগতে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য ...

March 14, 2025 10:49 AM

views 18

আজি ৩দিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। আজি নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত কাইলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ১৬৭ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত...

March 13, 2025 3:09 PM

views 19

গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে'ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত দেশে লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। স্বানন্দ অঞ্চলত নতুনকৈ এখন ৫০০ খন বিছনাযুক্ত চিকিৎসালয় আৰু গান্ধী নগৰত এখন নতুন অসামৰিক চিক...

March 13, 2025 11:06 AM

views 25

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী শ্বাহে পৰহিলৈ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখাওছঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লী...

March 10, 2025 12:17 PM

views 14

অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্রস্তুতি চলিছে। আৰক্ষীৰ শীর্ষ বিষয়াসকলে অনুষ্ঠানৰ প্ৰস্তুতিৰ সকলো দিশ চোৱাচিতা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, সশস্ত্র আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় আৰু বেটেলীয়ন প্রশিক্ষণ কেন্দ্ৰ সামৰি পুলিচ একাডেমী গঠন কৰা হৈছে । ত...