June 22, 2025 12:25 PM

views 22

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দুদিনীয়া ছত্তিশগড় ভ্ৰমণসূচী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তিশগড়লৈ যাব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰ আৰু নাৰায়ণপুৰ জিলাত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব। শ্ৰী শ্বাহে আজি ৰায়পুৰত ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। আনুমানিক চাৰিশ কোটি টকা ব্যয় সাপেক্ষে প্রায় ৪০ একৰ ভূমিত এই ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব। শ্ৰী শ্বাহে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত ছত্তিশগড় আৰু চুবুৰীয...

June 22, 2025 10:59 AM

views 25

ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নাৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নাৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে স্পষ্ট কৰি দিছে। পাকিস্তানলৈ বৈ যোৱা অতিৰিক্ত পানীভাগ ৰাজস্থানলৈ বোৱাই নিয়াৰ বাবে চৰকাৰে এটা সুৰংগ নিৰ্মাণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এখন ইংৰাজী বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ কোনো সালসলনি নহয়। চৰকাৰে কাশ্মীৰ, নক্সাল অধ্যুসিত অঞ্চল আৰু উত্তৰ-পূবৰ লগতে যিকোনো অঞ্চলৰ পৰাই সন্ত্ৰাসবাদ নোহোৱা কৰাৰ উদ্দেশ্যে সন্...

June 15, 2025 8:46 PM

views 20

অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে দেশ নক্সালমুক্ত হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে দেশ নক্সালমুক্ত হব বুলি প্ৰকাশ কৰিছে৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নৱ নিৰ্বাচিত ৬০,২৪৪ গৰাকী কনিষ্টবলক নিযুক্তিপত্ৰ প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে এঘাৰখন ৰাজ্যত নক্সালবাদী থকাৰ বিপৰীতে সদ্যহতে কেৱল ৩ খন জিলাহে নক্সালবাদী অধ্যুষিত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ আৰক্ষী বাহিনীৰ আধুনিকীকৰণ কৰা হৈছে। উত্তৰ প্ৰদেশত এই পদক্ষেপ ২০১৭ চনত আৰম্ভ হয় বুলি তেওঁ প্ৰকাশ কৰে। পূৰ্বে...

June 15, 2025 12:14 PM

views 26

দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনা যিকোনো প্রচেষ্টাৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রকাশ

ৰাষ্ট্ৰীয় সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্রাধিকাৰৰ বিষয় আৰু দেশৰ সাৰ্বভৌমত্বলৈ ভাবুকি কঢ়িয়াই অনাৰ যিকোনো প্রচেষ্টাৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থাৰে সমুচিত উত্তৰ দিয়া হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। মধ্যপ্ৰদেশৰ আকৰ্ষণীয় পাহাৰীয়া পৰ্যটন থলী পচমঢ়িত কালি বিজেপিৰ সাংসদ, বিধায়কৰ প্ৰশিক্ষণ শিবিৰৰ এটা সমাবেশত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰ ৰাষ্ট্ৰৰ হিত সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয়, যে দল আৰু দেশৰ ভৱিষ্যৎ গঢ়াৰ বাবে অনুশাসন, আদর্শগত প্...

June 8, 2025 8:34 PM

views 27

তামিলনাডুৰ শাসনাধিস্থিত ডি এম কে চৰকাৰক জনবিৰোধী নীতি গ্ৰহণ কৰা অভিযোগ উত্থাপন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তামিলনাডুৰ মাদুৰাইত এখন জনসভাত ভাষণ দি শাসনাধিস্থিত ডি এম কে চৰকাৰক জনবিৰোধী নীতি গ্ৰহণ কৰা অভিযোগ উত্থাপন কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডি এম কে দলটো তামিলনাড়ু ৰাজ্যিক বিপনন নিগম লিমিটেডৰ ৩৯,৭৭৫ কোটি টকীয়া কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, যে চৰকাৰৰ ভুল নীতিৰ বাবে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ সম্প্ৰতি অৱনতি ঘটিছে। উল্লেখযোগ্য যে ২০২৬ চনত তামিলনাডুত বিধানসভা নির্বাচন অনুষ্ঠিত হব। এই নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান...

June 2, 2025 9:52 AM

views 46

২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: গৃহমন্ত্ৰী

গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখনত ...

June 1, 2025 3:08 PM

views 27

কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীশ্বাহে কয়, যে এই নতুন গৱেষণাগাৰটোৱে পূব আৰু উত্তৰ পূব ভাৰতৰ বহুতো জটিল গোচৰৰ সমাধানত সহায় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা কলকাতালৈ আহে। বিমানবন্দৰত তেওঁক বিজেপি নেতা সুভেন্দু অধিকাৰী আৰু দলৰ অন্যান্য নেতাকর্মীয়ে আদৰণি জনায়। আজি শ্ৰীশ্বাহে বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ কথা।

May 26, 2025 9:02 PM

views 27

বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। নাগপুৰৰ জামাথা অঞ্চলত নেচনেল কেঞ্চাৰ ইন্সটিটিউটত কৰ্কট ৰোগীৰ আত্মীয়ৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা স্বাস্থ্য সুবিধা সন্দৰ্ভত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক আৰু স্নাতকোত্তৰ চিকিৎ‍সা পাঠ্যক্ৰমত চিকিৎসালয় আৰু আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেব...

May 24, 2025 11:52 AM

views 29

গৃহমন্ত্রীক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ উন্নয়ন আৰু বিকাশকেন্দ্ৰিক বিভিন্ন বিষয়লৈ আলোচনা কৰে।   মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে লাভ কৰা অভূতপূর্ণ সফলতাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। ড০ শৰ্মাই মাওবাদী নিৰ্মূলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ তথা এইক্ষেত্ৰত লাভ কৰা বৃহৎ সফলতাৰ বাবে শ্রীশ্বাহক অভিনন্দন জনায় ৷ মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি ন...

May 18, 2025 8:06 PM

views 18

নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছেঃ গৃহ মন্ত্ৰী অমিত শ্বাহ

নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছে। গুজৰাটৰ মেহচানা জিলাৰ গজাৰিয়াত কে কে পেটেল আৰু মধুবেন কে পেটেল নাৰ্ছিং কলেজৰ নৱ নির্মিত ভৱন মুকলি কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই কথা প্ৰকাশ কৰে। এই মহাবিদ্যালয়ৰ জৰিয়তে সমীপৰ দৰিদ্ৰ ৰোগীসকল উপকৃত হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে। দেশৰ ৬০ কোটি নাগৰিক আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে উপকৃত হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে বিগত দশকত সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ সংখ্যা ৭ৰ পৰা ২৩ খনলৈ বৃদ্ধি হ...