August 31, 2025 10:09 PM

views 18

আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ কৰে। জন-কল্যাণ আৰু নগৰ উন্নয়নৰ বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৃহ মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কৰে। শ্ৰীশ্বাহে আজি পুৱা গোটা আৰু চান্দলোডিয়া ৱাৰ্ডত নগৰীয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে গছপুলি ৰোপণ কৰে। তেওঁ লগতে ভদ্রকালী মন্দিৰতো পূজা কৰে। গৃহমন্ত্ৰীগৰাকীয়ে পুনৰনিৰ্মাণ কৰা চৰ্দাৰ বাগো উদ্বোধন কৰে।

August 29, 2025 7:31 PM

views 31

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস, ভাষা, কলা, সংগীত, সাজ-পাৰ, খাদ্যাভাষ আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই খণ্ডক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপুৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সেনা বাহিনীত যোগ দিয়া জোৱানলৈকে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া উত্তৰ-পূবৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ...

August 29, 2025 2:31 PM

views 16

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্রীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ এই কামৰ বাবে ৰাজ্য চৰকাৰক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনটো ৯ হাজাৰ ৬১৩ বৰ্গফুট পৰিসৰৰ। নতুন ৰাজভৱনটোত ৰাজ্যপালৰ কাৰ্যাল...

August 29, 2025 1:20 PM

views 30

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰিব। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনগৃহত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্রধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। এই উপলক্ষে দিনৰ চাৰে ১১ বজাত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভার্চুৱেল ব...

August 28, 2025 8:47 PM

views 16

দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া ভ্রমণসূচীৰে আজি কিছু সময়ৰ আগতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত কাইলৈ হ’বলগীয়া এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত...

August 26, 2025 9:04 PM

views 19

ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অমিত শ্বাহ

সীমান্তৱৰ্তী এলেকাৰ জনগাথনিৰ পৰিৱৰ্তন দেশ আৰু সীমান্তৰ সুৰক্ষাত পোনপটীয়া প্ৰভাৱ পেলায় বুলি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মন্তব্য কৰিছে। নতুন দিল্লীত আজি ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্তৱৰ্তী গাঁৱৰ পৰা জনসাধাৰণৰ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী আৰম্ভ কৰিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীয়ে আন্তঃগাথনিৰ সম্প্ৰসাৰণ তথা সীমান্তৱৰ্তী গাও...

July 26, 2025 10:13 AM

views 29

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কালি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন-২০২৫ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই সদৰি কৰে। গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ বিধি বলৱৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়াত গুৰুত্ব আৰোপ কৰি সন্ত্ৰাসবাদ আৰু অপৰাধীৰ মাজৰ সম্পৰ্ক ভাঙি দিয়াৰো পোষকতা কৰে। সন্ত্ৰাসবাদৰ বিত্তীয় ব্যৱস্থাৰ পৰ্যালোচনা কৰি শ্ৰীশ্বা...

July 10, 2025 12:09 PM

views 24

২৭ সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব গৃহমন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাঁচিত হ'বলগীয়া ২৭ সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত দেশৰ পূব অঞ্চলৰ ৰাজ্য- ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগৰ ৭০ গৰাকী প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী মোহনচৰণ মাঝি, উপ-মুখ্যমন্ত্ৰী পাৰ্বতী পৰিদা, মন্ত্ৰী মুকেশ মহালিংগমে ওড়িশাক প্রতিনিধিত্ব কৰিব। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সমৰাট চৌধাৰী আৰু পশ্চিমবংগৰ মন্ত্ৰী চন্দ্ৰিকা ভট্টাচাৰ্যই ৰাজ্য দুখনৰ হৈ এই বৈঠকত প্ৰতিনিধিত্ব কৰিব। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে মুখ্য সচিব, গৃহ স...

July 6, 2025 7:46 PM

views 28

সমবায় সমিতিসমূহে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ মন্তব্য

সমবায় সমিতিসমূহে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বৰ্ষপূর্তি উপলক্ষে আজি গুজৰাটত আমূল আৰু NDDBৰ কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভ কৰি শ্ৰীশ্বাহে এই মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে খাদ্য সামগ্ৰীৰ উৎপাদন, বিক্ৰীৰ সৈতে জড়িত তিনিখন সমবায় সমিতি, নতুনকৈ গঠন হোৱা ২ লাখ প্রাথমিক কৃষিজাত ঋণ সমিতি আৰু দুগ্ধজাত সামগ্ৰীৰ সৈতে জড়িত তিনিখন সমবায় সমিতিয়ে একেলগে দেশৰ সমবায় আন্দোলনক শক্তি...

June 30, 2025 8:04 PM

views 16

দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিছে। সমবায় খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যপ্রাপ্তিৰ যাত্ৰাৰ অগ্ৰগতিৰ পর্যালোচনা, মত-বিনিময় আৰু ভৱিষ্যতৰ কাৰ্যপন্থা গঠনৰ ক্ষেত্ৰত এই মন্থন বৈঠক উপযুক্ত মঞ্চৰূপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বৈঠকৰ সময়ছোৱাত ২ লাখ নতুন বহুমুখী প্রাথমিক কৃষি ঋণ সমিতি গঠন, দুগ্ধ আৰু মীন সমবায় সমিতি স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। খাদ্য সুৰক্ষ...