October 27, 2025 6:42 PM

views 30

২১ টা মাওবাদীৰ অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জানিবলৈ দিছে যে ২১ টা মাওবাদীয়ে অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে এইসকলৰ ভিতৰত ১৩ গৰাকী জ্যেষ্ঠ মাওবাদী অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী মুক্ত কৰাৰ সংকল্পৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে আন মাওবাদীসকলক অস্ত্র-শস্ত্রসহ অতি শীঘ্ৰে আহ্বান জনাইছে।

October 13, 2025 8:15 PM

views 33

যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছেঃ গৃহমন্ত্রী

গৃহমন্ত্রী অমিত শ্বাহে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছে। তেওঁ এই আইন সমূহ ন্যায়ৰ সহজতা নিশ্চিত কৰাৰ দিশত এই বৃহৎ পদক্ষেপ বুলি কয়। শ্ৰীশ্বাহে আজি জয়পুৰত নতুন অপৰাধ আইন কার্যকৰীকৰণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ পাছত অনুষ্ঠিত এখন সভাত ভাষণ দি এইদৰে কয়। তেওঁ কয় যে বিস্তৃত আলোচনা আৰু কেইবাশ লোকৰ পৰামৰ্শৰ অন্তত এই আইন প্রনয়ন কৰা হৈছে। এই আইনৰ মূল বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে ...

October 8, 2025 7:03 PM

views 44

লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গৃহমন্ত্রী অমিত শ্বাহে আজি স্বাধীনতা সংগ্রামী লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে কয়, যে জয় প্রকাশ নাৰায়ণে সেই সময়ৰ দেশৰ যুৱ প্ৰজন্মক স্বৰাজ সংগ্ৰামৰ সৈতে সংযুক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ লগতে কয়, যে তেতিয়াৰ গ্ৰামীণ ভাৰতখন সৱল কৰি তোলা তথা গণতন্ত্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ বিষয়ত নাৰায়ণৰ ভূমিকা লেখত ল'বলগীয়া। লোকনায়কজনে নিজৰ সম্পূৰ্ণ ক্ৰান্তিৰ শ্লোগানৰ জৰিয়তে সেই সময়ৰ দেশৰ...

October 7, 2025 12:08 PM

views 28

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন...

October 6, 2025 8:43 PM

views 62

বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ অভিনন্দন জ্ঞাপন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্রীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন্নয়নৰ ...

October 5, 2025 8:44 PM

views 41

দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গভীৰ সমবেদনা জ্ঞাপন

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে দার্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্রীশ্বাহে কয়, যে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী ইতিমধ্যে দার্জিলিঙত উপস্থিত হৈছে আৰু অন্যান্য সংগঠনসমূহো প্রয়োজন অনুসৰি সহায় কৰিবলৈ প্রস্তুত আছে। শ্রীশ্বাহে দার্জিলিঙৰ সাংসদ ৰাজু বিষ্টাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে বুলি জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতেই কোৱা হৈছে যে, উত্তৰবংগৰ গোর্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তৰ্গত দার্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ...

September 21, 2025 10:54 AM

views 32

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত বাওপন্থী উগ্রবাদ সম্পূৰ্ণৰূপে নির্মূল হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত দশকত উত্তৰ-পূৰ্বাঞ্চল আৰু বাওপন্থী উগ্রবাদ প্ৰভাৱিত অঞ্চলকে ধৰি মুঠ তিনিটা অঞ্চলৰ পৰা উগ্ৰপন্থী কার্যকলাপ ৭৫ শতাংশলৈ হ্ৰাস পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে লাভ কৰা সফলতাসমূহত আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে ১১ বছৰতকৈও ...

September 18, 2025 10:05 PM

views 45

বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে এন ডি এ চৰকাৰে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধন আগবঢ়াইছেঃ অমিত শ্বাহ

এন ডি এ চৰকাৰে বিহাৰত বিগত ১১ বছৰত উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ বাবে ১৪ লাখ ৮৫ হাজাৰ কোটি টকাতকৈও অধিক ধনৰ সাহায্য আগবঢ়াইছে। জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ বেগুচৰাইত অনুষ্ঠিত বিজেপিৰ নেতা আৰু কৰ্মীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে। তেওঁ কয়, যে ইউ পি এ চৰকাৰৰ শাসন কালত ২০০৪ৰ পৰা ২০১৪ চনৰ সময়ছোৱাত বিহাৰে মাত্ৰ দুই লাখ ৮০ হাজাৰ কোটি টকাহে লাভ কৰিছিল৷ শ্ৰী শ্বাহে কয়, যে ৰাষ্ট্ৰীয় জনতাদল আৰু কংগ্ৰেছে ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত জনসাধাৰণক বিপথে পৰিচালিত কৰি আছ...

September 15, 2025 8:37 PM

views 28

মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে : গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কৈছে যে ঝাৰখণ্ডৰ হাজাৰিবাগত ঝাৰখণ্ড আৰক্ষী আৰু চি আৰ পি এফৰ কোৱা বেটেলিয়নৰ এটা যুটীয়া দলে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে, এই অভিযানত দুধৰ্ষ মাওবাদীৰ কমাণ্ডাৰ সহদেৱ চোৰেণ নিহত হৈছে। এই অভিযানত চোৰেণে লগতে ৰঘুনাথ হেমব্রম আৰু বীৰসেন গাঞ্জু নামৰ আন দুটা মাওবাদীকো নিৰাপত্তা বাহিনীয়ে গুলিয়াই নিহত কৰে। গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে এই অভিযানৰ পাছত উত্তৰ ঝাৰখণ্ডৰ বোকাৰু অঞ্চলটো মাওবাদীৰ পৰ...

September 11, 2025 3:30 PM

views 27

FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

■ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰীচি, কালিকট আৰু অমৃতসৰ বিমান বন্দৰত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে FAST TRACK IMMIGRATION - বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ভিন ভিন কামত বিদেশলৈ যাত্ৰা কৰা লোকসকলৰ পাছপ'ৰ্টকে ধৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া দ্রুত, সৰল আৰু সুৰক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাই ভাৰতীয় নাগৰিক আৰু প্ৰবাসী লোকসকলক অধিক সুবিধা প্ৰদান কৰিব। বিমান বন্দৰৰ ই-প্ৰৱেশদ্বাৰ অথবা স্বয়ংচালিত প্ৰৱেশদ্বাৰসমূহৰ এই ব্যৱস্থা ...