August 1, 2024 1:36 PM

views 9

ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াবঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব আৰু চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি আশ্বাস দিছে। দেশৰ বিভিন্ন অংশত ভূমিস্খলন আৰু বানৰ বাবে ধন জন হানি হোৱা সন্দৰ্ভত কালি লোকসভাত এটা মনোযোগ আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে শোকৰ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজনৈতিক দলসমূহে কেৰালা চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ ৱায়নাডৰ লোকসকলৰ সৈতে দৃঢ়তাৰে ...

July 31, 2024 7:53 PM

views 11

ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, কেৰালা চৰকাৰক ৱায়নাডত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলন হ'ব পাৰে বুলি প্ৰথমে ২৩ জুলাইত আৰু পাছত ২৪ আৰু ২৫ জুলাইত পুনৰাই আগলি বতৰা দিয়া হৈছিল। ৰাজ্যসভাত আজি ৱায়নাডৰ বিনাশ সম্পৰ্কীয় মনোযোগ আকর্ষণ প্রস্তাৱত হস্তক্ষেপ কৰি শ্ৰীশ্বাহে কয় যে, ২৬ জুলাইত অঞ্চলটোত ২০ ছেণ্টিমিটাৰৰ অধিক বৰষুণ, ভূমিস্খলন হোৱাৰ লগতে বোকা মাটিৰ ঢল বব পাৰে আৰু ইয়াৰ ফলত ধন জনৰ হানি হব পাৰে বুলি নতুনকৈ সতর্কতা জাৰি কৰা হৈছিল। তেওঁ কয় যে, ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনীৰ কেইবাটাও দল ৰাজ্...

July 20, 2024 8:28 PM

views 18

ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁছীত প্রভাতকাৰা ময়দানত ঝাৰখণ্ড বিজেপিৰ সম্প্ৰসাৰিত কাৰ্যকাৰী কমিটিৰ বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ঝাৰখণ্ডৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা ৩০০ কোটি টকা আৰু ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ওচৰৰ পৰা ৩০ কোটি টকা জব্দ কৰা হৈছে। তেওঁ কয় যে, বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবে ৰাজ্যখনৰ জনগাঁঠনি সলনি হৈছে। চোৰেন চৰকাৰে অনুপ্ৰৱেশৰ বিষয় ল...

July 20, 2024 5:30 PM

views 9

এদিনীয়া ভ্রমণসূচীৰে ৰাছীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত উপস্থিত হয়। শ্ৰী শ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ঝাৰখণ্ড বিজেপিৰ মুৰব্বী বাবুলাল মাৰাণ্ডীয়ে জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত ৰাজ্যত বিজেপি তথা এন ডি এৰ ফলাফল সন্দৰ্ভতো পর্যালোচনা কৰিব। ঝাৰখণ্ডত চলিত বছৰৰ শেষৰফালে বিধানসভা নির্বা...

July 14, 2024 8:28 PM

views 11

ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ইন্দোৰত একেদিনাই ১১ লাখ গছপুলি ৰোপণ কৰা হয়। এয়া হৈছে একেদিনাই একোটা অঞ্চলত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ইন্দোৰ শেহতীয়াকৈ এখন সেউজ মহানগৰ হোৱাৰ সমান্তৰালকৈ এখন পৰিষ্কাৰ মহানগৰ হিচাপেও পৰিচিত হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰজন্মক এটা ভাল পৰিৱেশ প্ৰদানৰ আহ্বান জনাইছে। সেয়ে সমগ্র দেশতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰ...

July 6, 2024 7:53 PM

views 15

চৰকাৰে অহা ৫ বছৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব

চৰকাৰে অনাগত পাঁচ বছৰৰ ভিতৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব। দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰত ১০২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ মাজত আর্থিক সহযোগিতাৰ পোষকতা কৰি শ্ৰীশ্বাহে কয় যে কেৱল সমবায় বেংকসমূহৰ জৰিয়তে বিত্তীয় লেনদেন সূচল কৰি সমবায় বেংকসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে দেশৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায়সমূহৰ মাজত অর্...

July 6, 2024 5:55 PM

views 12

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে, ৬০ শ্যামাপ্রসাদ মুখাৰ্জীয়ে তেওঁৰ বলিষ্ঠ ৰাষ্ট্ৰীয় চিন্তাৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছিল। তেওঁ লগতে কয় যে, মাতৃ ভূমিৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু আত্মত্যাগৰ কথাই সদায় দেশবাসীক অনুপ্ৰাণিত কৰি ৰাখিব। গৃহমন্ত্রী অমিত শ্বাহে কয় যে, যেতিয়াই দেশত একতা আৰু সমন্বয়ৰ আলোচনা কৰা হয় তেতিয়াই ড০ শ্যামাপ...

July 6, 2024 5:29 PM

views 8

আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণ কালত শ্ৰী শ্বাহ আহমেদাবাদ আৰু গান্ধীনগৰত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ১০২ সংখ্যক আন্তর্জাতিক সমবায় দিৱস উপলক্ষে আয়োজিত চাহাড় চে সমৃদ্ধি শীর্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পাছত তেওঁ বানছকান্তাৰ চাংৰা গাঁৱৰ মহিলা দুগ্ধ উৎপাদকসকলক ৰূপে ক্রেডিট কার্ড বিতৰণ কৰিব আৰু সমবায় পাইলট প্রকল্প পৰিদৰ্শন কৰিব। শ্ৰী শ্বাহে গোধৰা পঞ্চমহলৰ মাহুলিয়া গাঁৱৰ ...

June 23, 2024 8:08 PM

views 12

দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত দেশৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দেশত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এটা উমৈহতীয়া আৰু সুদূৰ প্ৰসাৰী নীতি যুগুত কৰাৰ বাবে দীৰ্ঘ দিনৰে পৰা গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে। এই বৈঠকত শ্ৰীশ্বাহে ছিকিম আৰু মণিপুৰত অলপতে হোৱা বান পৰিস্থিতিৰ সবিশেষ অধ্যয়ন কৰি সংশ্লিষ্ট বিভাগক গৃহ মন্ত্ৰ্যালয়ৰ হাতত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে, উত্তৰ...

June 17, 2024 12:15 PM

views 9

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ

স্থল সেনাৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। অমৰনাথ তীর্থযাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিক পর্যালোচনা কৰাৰ বাবে শ্ৰীশ্বাহে আহ্বান কৰা দুখন বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত জেনেৰেল পাণ্ডেই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। অহা ৩০ জুনত জেনেৰেল পাণ্ডেই অৱসৰ গ্ৰহণ কৰিব ।