September 13, 2024 9:01 PM

views 29

কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সম্বোধন কৰিব। ৰাজভাষা বিভাগে হিন্দী ভাষা ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰিছে। হিন্দী দিৱস উপলক্ষে কাইলৈ শ্ৰীশ্বাহে ৰাজভাষা ভাৰতী আলোচনীৰ হীৰক জয়ন্তী বিশেষ সংস্কৰণ উন্মোচন কৰিব আৰু ৰাজভাষা গৌৰৱ তথা ৰাজভাষা কীৰ্তি বঁটাসমূহ প্ৰদান কৰিব। হীৰক জয়ন্তী অধিক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠানত এটা স্মাৰক...

September 7, 2024 9:05 PM

views 16

বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশ্বাস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ'ব বুলি আশ্বাস দিছে। জম্মুত আজি এখন জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মোদী চৰকাৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত হ'বলগীয়া জম্মু-কাশ্মীৰৰ আসন্ন বিধানসভা নির্বাচন ঐতিহাসিকৰূপে পৰিগণিত হৈছে। কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোটে পুৰণি ব্যৱস্থা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলোৱা বুলি শ্ৰীশ্বাহে অভিযোগ তোলে। কংগ্ৰেছ আৰু নেচনেল কনফ...

September 3, 2024 8:01 PM

views 23

গৃহমন্ত্ৰীৰ উপস্থিতিত কাইলৈ কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি, এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেশ্বন ফ্রণ্ট অৱ ত্ৰিপুৰা- এন এল এফ টি আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ -এ টি টি এফৰ প্রতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্রবাদ, হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উ...

August 25, 2024 7:50 PM

views 17

কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তিশগড়ৰ নৱা ৰায়পুৰত মাদকদ্রব্য নিয়ন্ত্রন ব্যুৰোৰ আঞ্চলিক কার্যালয় ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে। ইয়াৰ সৈতে সংগতি ৰাখি ছত্তিশগড়ৰ মাদকদ্ৰব্যৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকতো কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাই, গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী ৱিজয় শৰ্মা তথা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। অনুষ্ঠানত শ্ৰ...

August 20, 2024 6:25 PM

views 20

দিল্লীত অমিত শ্বাহৰ সৈতে ভৱেশ কলিতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

দিল্লীত গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থিত্বক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পাছত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে প্ৰাৰ্থী দুগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। বহিঃৰাজ্যৰ কোনো প্ৰাৰ্থীৰ নাম আসন দুখনৰ বাবে চৰ্চালৈ অহা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিয়ে এই আসন দুখনৰ বাবে প্ৰে...

August 18, 2024 8:38 PM

views 18

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায়ঃ গৃহমন্ত্রী অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী আইনে কোনো ধৰ্মাৱলম্বী লোকৰ নাগৰিকৰ অধিকাৰ কাঢ়ি লৈ নাযায় বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰকাশ কৰে। তেওঁ কয় যে, এই আইনে ভাৰতীয় নাগৰিকসকলৰ লগতে শৰণাৰ্থীসকলক সন্মান আৰু ন্যায় প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদৰ এটা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ১৮৮ গৰাকী হিন্দু লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি এই কথা প্রকাশ কৰে। শ্ৰী শ্বাহে তোষামোদৰ ৰাজনীতি আৰু ভোটবেংকৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে হিন্দু তথা আন সংখ্যালঘু লোকক অৱহেলা কৰা বুলি সমালোচনা কৰে। তেওঁ...

August 14, 2024 6:57 PM

views 24

ত্ৰিপুৰাৰ জনসাধাৰণৰ কৃতজ্ঞতা জ্ঞাপন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপিক ঐতিহাসিক বিজয়ৰ আশীৰ্বাদ দিয়াৰ বাবে ত্ৰিপুৰাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই জয় ত্ৰিপুৰাৰ জনসাধাৰণৰ জয়। তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডº মানিক সাহা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যী আৰু দলীয় কৰ্মীসকলক বিজেপিৰ চৰকাৰৰ উন্নয়নপন্থী পদক্ষেপসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।

August 10, 2024 7:38 PM

views 19

নেচনেল ফেডাৰেশ্যন অব্ ক’পাৰেটিভ ছুগাৰ ফেক্টৰী লিমিটেডৰ বৈঠকত মন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সমবায় আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কুঁহিয়াৰৰ উপৰি ভঙা চাউল, অপচয় হোৱা ফল, বাঁহ আদিৰ দৰে উৎস ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ ক্ষেত্ৰত বহুমুখী, ভৱিষ্যত সম্বন্ধীয় পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা নেচনেল ফেডাৰেশ্যন অব্ ক'পাৰেটিভ ছুগাৰ ফেক্টৰী লিমিটেডৰ এখন বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ইথানলৰ উৎপাদন এক লাভজনক ব্যৱসায় আৰু আগন্তুক কিছু বছৰত দেশক এহেজাৰ কোটি লিটাৰ ইথালনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে, জৈৱ ইন্ধন হিচাপে পেট্ৰ'লত ইথানল মিশ্ৰণৰ সীমা বৃদ্ধি কৰা হৈ...

August 6, 2024 9:10 PM

views 24

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।

August 1, 2024 2:49 PM

views 19

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং ছুখুৰ সৈতে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰ্তালাপ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দ সিং ছুখুৰ সৈতে ৰাজ্যখনত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে বাৰ্তালাপ কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগকে ধৰি প্ৰয়োজনীয় সকলো সা-সুবিধা আগবঢ়াব বুলি নিশ্চিতি দিয়ে।