October 31, 2024 12:05 PM

views 7

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত  কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বোটাডৰ চালাংপুৰত অৱস্থিত কষ্টভঞ্জন হনুমানজী মন্দিৰৰ শ্ৰীগোপালানন্দ স্বামী যাত্রী ভবন উদ্বোধন কৰিব। কাইলৈ তেওঁ আহমেদাবাদৰ পিড়ানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰিব।

October 27, 2024 7:03 PM

views 12

পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দ্বাৰা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তৰ পেট্টাপ’ল ভূ-বন্দৰত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট উদ্বোধন কৰে। উত্তৰ-২৪ পৰগনা জিলাৰ পেট্টাপ'ল ভূ-বন্দৰ দক্ষিণ এচিয়াৰ সৰ্ববৃহৎ ভূ-বন্দৰ আৰু এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ গুৰুত্বপূৰ্ণ দ্বাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু বাংলাদেশৰ মাজৰ স্থল ভাগেৰে হোৱা বাণিজ্যৰ প্ৰায় ৭০ শতাংশ এই ভূ-বন্দৰৰ মাধ্যমেৰে সম্পন্ন হয়। উল্লেখযোগ্য যে পেট্টাপ’ল ভূ-বন্দৰ ভাৰতৰ অষ্টম বৃহৎ আন্তঃৰাষ্ট্ৰীয় আব্ৰজন ...

October 6, 2024 11:36 AM

views 8

কাইলৈ নতুন দিল্লীত বাওঁ উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে  কেন্দ্রীয় গৃহমন্ত্রীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত বাওঁপন্থী উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰিব। এই বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, চত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে, বাওঁপন্থী উগ্রবাদ প্ৰভাৱিত ৰাজ্যসমূহক উন্নয়নমূলক সহায় আগবঢ়াব বাবে ৫ জন কেন্দ্রীয় মন্ত্রীয়েও এই বৈঠকত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু কেন্দ্ৰ, ৰাজ...

October 4, 2024 7:46 PM

views 10

আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ সমবায় মন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কয় যে, সমবায় আৰ্হিটোৱে হৈছে বিশ্বৰ একমাত্ৰ আৰ্হি যাৰ জৰিয়তে জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ দি এইদৰে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে জনকল্যাণ অবিহনে দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয় বুলিও লগতে উল্লেখ কৰে । তেওঁ আৰু লগতে তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বাবে এ ডি চি বেংক আৰু আমূল আদি সংস্থাসমূহৰ অৱদানক প্ৰশংসা কৰে। ভৱ...

October 3, 2024 8:09 PM

views 12

আহমেদাবাদত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, মহাত্মা গান্ধীৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক এটা গণজাগৰণলৈ পৰিৱৰ্তন কৰিলে আৰু জনসাধাৰণৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এটা পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহত বৰঙণি আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদত ৪৭০ কোটি টকাৰো অধিক ভালেমান উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভালেমান প্রকল্প মুকলি কৰি এই কথা প্ৰকাশ কৰে ৷ শ্ৰী শ্বাহে কয় যে, বিগত ৫টা বছৰত গান্ধী নগৰ সংসদীয় সমষ্টিত স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষাকে ধৰি জনসাধাৰণৰ কল্যা...

October 1, 2024 8:37 PM

views 12

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি অমিত শ্বাহৰ দাবী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি মুম্বাইত অনুষ্ঠিত এখন অধিবেশনত বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীসকলক সম্বোধন কৰি শ্ৰীশ্বাহে তেওলোকক যিকোনো হতাশা জোকাৰি পেলাবলৈ, সমীক্ষাত মনোনিবেশ নকৰিবলৈ আৰু আগন্তুক নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। গৃহমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কৰ্মীসকলক ভোটাৰৰ হাৰ ১০ শতাংশ বৃদ্ধিৰ লক্ষ্য লবলৈ আহ্বান জনায়।

September 20, 2024 7:50 PM

views 10

ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ চাওতাল পৰগণা খণ্ডৰ ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। পুলিচ লাইন গ্রাউণ্ডত আয়োজিত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে আশ্বাস প্ৰদান কৰি কয় যে যদি ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহে তেতিয়া জ্যেষ্ঠ নাগৰিক তথা ৭৫ বছৰৰ ঊৰ্ধৰ নাগৰিকসকলক ১০ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সাহায্য প্ৰদান কৰা হ'ব। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ফলত ৰা...

September 20, 2024 6:28 PM

views 10

নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে, বাস্তাৰৰ চাৰিখন জিলাৰ বাহিৰে সমগ্ৰ দেশতে নক্সালবাদৰ অন্ত পেলোৱাৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰ সফল হৈছে। তেওঁ লগতে নক্সালসকলক হিংসা ত্যাগ কৰি আত্মসমৰ্পণ কৰিবলৈও আহ্বান জনায়। উল্লেখ...

September 17, 2024 8:19 PM

views 24

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছে অথবা আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, এই সময়ছোৱাত অৰ্থব্যৱস্থাৰ সূদৃঢ়কৰণ, জীৱন ধাৰণ সুগম আৰু দুখীয়া তথা মধ্য বিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে ভালেমান সিদ্ধান্ত লোৱা হৈছে। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি চৰকাৰৰ কাম-কাজ সন্দৰ্ভত এখন পুস...

September 17, 2024 12:47 PM

views 11

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰি নিৰাপদ ভাৰত গঢ়ি তুলিছেঃ  গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তুলিছে আৰু এখন নিৰাপদ ভাৰত গঢ়ি তোলাত সহায় কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে বিগত ১০ বছৰত দেশক প্ৰগতিৰ পথেৰে আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনৰ ভিতৰত ১৫ লাখ কোটি টাকা ব্যয়সাপেক্ষ ভালেমান প্রকল্পত অনুমোদন দিয়া হৈছে আৰু একাংশ প্ৰকল্পৰ কাম ইতিম...