February 6, 2025 7:38 PM

views 10

কেন্দ্ৰীয় গৃহ আৰু সামবায় মন্ত্রী অমিত শ্বাহৰ ছত্তীশগড় ভ্ৰমণ

কেন্দ্ৰীয় গৃহ আৰু সামবায় মন্ত্রী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ডংগাৰগড় অঞ্চলৰ চন্দ্ৰগিড়ি তীৰ্থত আচার্য বিদ্যাসাগৰ জী মহাৰাজৰ প্ৰথমা সমাধি স্মৃতি মহোৎসৱ আৰু শ্ৰী এক হাজাৰ আঠ সিদ্ধচক্র বিধান বিশ্বশান্তি মহাযজ্ঞত অংশগ্ৰহণ কৰে। চন্দ্ৰগিড়ি তীর্থ ভ্ৰমণৰ সময়ত শ্ৰী শ্বাহে মহামুনিৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই উপলক্ষে আয়োজিত সভাত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে সত্য, অহিংসা আৰু দানৰ মূল্য বৰ্তাই ৰাখি সমাজখনক একত্ৰিত কৰাৰ বাবে আচাৰ্য বিদ্যাসাগৰ জী মহাৰাজক প্ৰশংসা কৰে৷ অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন...

September 21, 2024 10:37 AM

views 13

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ২৪ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে অহা ২৪ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰলৈ যাব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজেপিৰ ৰাজ্যিক গোটৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱাংকুলেই কৈছে যে, এই ভ্ৰমণৰ প্ৰথম দিনা শ্ৰী শ্বাহে নাগপুৰ আৰু চত্ৰপতি সম্ভাজীনগৰত দলীয় কর্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব আৰু ইয়াৰ পাছত ২৫ ছেপ্তেম্বৰত শ্ৰী শ্বাহ নাছিক আৰু ক'লাপুৰলৈ যাব। সাংবাদিকৰ আগত শ্ৰী বাৱাংকুলেই প্ৰকাশ কৰা মতে ...

August 24, 2024 11:41 AM

views 20

তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চত্তিশগড় ভ্রমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ যোৱানিশা তিনিদিনীয়া ছত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্ৰীশ্বাহে আজি নক্সাল বিৰোধী অভিযান সম্পৰ্কীয় এলানি বৈঠকত অধ্যক্ষতা কৰিব। শ্ৰীশ্বাহে পুৱাৰ ভাগত ৰায়পুৰ জিলাৰ চম্পাৰণৰ মহাপ্ৰভু বল্লভাচার্য আশ্ৰম পৰিদৰ্শন কৰিব। তেওঁ লগতে আন্তঃৰাজ্যিক সমন্বয় সন্দৰ্ভত ছত্তিশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ ৰাজ্যৰ বাওঁপন্থী উগ্রবাদ প্ৰভাৱিত এলেকাৰ সুৰক্ষা আৰু বিকাশ সম্পৰ্কীয় আন এখন বৈঠকতো পৌৰহিত্য কৰিব...