December 25, 2025 8:12 PM

views 22

ওড়িশা এতিয়া নক্সালবাদৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে ওড়িশা এতিয়া নক্সালবাদৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে। নক্সাল মুক্ত ভাৰত গঢ়াৰ দিশত লাভ কৰা এক উল্লেখযোগ্য মাইলৰ খুঁটিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ওড়িশাৰ কাণ্ডামালত সংঘটিত এটা ডাঙৰ অভিযানে কেন্দ্ৰীয় সমিতিৰ সদস্য গণেশ উইকেসহ ছজন নক্সালবাদীক নিধন কৰিছে। লগতে তেওঁ জনায় যে, ২০২৬ৰ ৩১ মাৰ্চৰ আগতেই নক্সালবাদ নির্মূল কৰাৰ বাবে চৰকাৰে সংকল্প গ্রহণ কৰিছে।