July 24, 2024 10:21 AM July 24, 2024 10:21 AM
2
২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া
কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কৈছে যে ২০২৪-২৫ বৰ্ষৰ বাজেটে ভাৰতৰ অৰ্থনৈতিক বিকাশক যুৱশক্তিৰ সৈতে সংলগ্ন কৰাৰ বাবে ইতিহাসত লিপিবদ্ধ হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শ্বাহে কয় যে বাজেটত ৪ কোটি ১০ লাখ যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিবলৈ দুই লাখ কোটি টকাৰ বৃহৎ পুঁজিৰ ব্যৱস্থা কৰা হৈছে আৰু এক কোটি যুৱক- যুৱতীক শীৰ্ষ ৫০০টা কোম্পানীত বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে আন এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্রীয় বাজেটত ঘোষণা কৰা নিয়োগ সম্পর্কীয় পদক্ষেপে আনু...