November 11, 2024 8:29 PM November 11, 2024 8:29 PM

views 3

ছত্তিশগড়, ওড়িশা আৰু পশ্চিমবংগত প্রায় ৭২৬ কোটি টকা ব্যয় সাপেক্ষ তিনিটা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ এখন উচ্চস্তৰীয় কমিটিয়ে ছত্তিশগড়, ওড়িশা আৰু পশ্চিমবংগত প্রায় ৭২৬ কোটি টকা ব্যয় সাপেক্ষ তিনিটা প্ৰকল্পত অনুমোদন জনাইছে। এই ৰাজ্যকেইখনত অগ্নিনির্বাপক বাহিনীৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে এই প্রকল্পকেইটাৰ অনুমোদন জনোৱা হৈছে। ছত্তিশগড়ৰ বাবে ১৪৮ কোটি, ওড়িশাৰ বাবে ২০১ কোটি আৰু পশ্চিমবংগৰ বাবে প্ৰায় ৩৭৭ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। চৰকাৰে কেন্দ্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা ইয়াৰ বাবে মুঠ ৫ হাজাৰ কোটি টকাৰ আবণ্টন জনাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যা...