March 17, 2025 12:05 PM March 17, 2025 12:05 PM
8
মাদক দ্রব্য সৰবৰাহকাৰীক ৰেহাই দিয়া নহ’ব বুলি সামাজিক মাধ্যমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শেহতীয়াকৈ গুৱাহাটী আৰু ইম্ফলত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ পৰা ৮৮ কোটি টকাৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে চাৰিজন মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগৰ উদ্ধৃতিৰে মাদক দ্রব্য সৰবৰাহকাৰীক ৰেহাই দিয়া নহ'ব বুলি সামাজিক মাধ্যম যোগে স্পষ্ট কৰিছে। এই সফল অভিযানৰ বাবে মন্ত্ৰীগৰাকীয়ে নার্কোটিক্স কন্ট্রোল ব্যুৰোক অভিনন্দন জনোৱাৰ উপৰি এনে তৎপৰতাই মোদী চৰকাৰৰ মাদকদ্রব্য মুক্ত ভাৰতবৰ্ষৰ স্বপ্ন বাস্তৱ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে