September 25, 2024 6:29 PM

views 37

মাৰাথৱাড়া বিজেপিৰ বিষয়ববীয়াৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ছত্রপতি সম্ভাজিনগৰত মাৰাথৱাড়া বিজেপিৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল সম্পৰ্কে আলোচনা কৰে। শ্বাহে মাৰাথৱাদা অঞ্চলত ৪৬খন আসনৰ ভিতৰত কমেও ৩০খন আসন লাভ কৰাৰ দৃঢ়তা প্ৰকাশ কৰে। বৈঠকৰ পাছতে অমিত শ্বাহ, মুখ্যমন্ত্রী একনাথ শিন্দে, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মাজত আসন আবণ্টন সন্দৰ্ভত আলোচনা হয়। মুখ্যমন্ত্রী সিন্ধেয়ে কয় যে অতি সোনকালে আসন বিতৰণ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হ'ব।