April 23, 2025 8:34 PM

views 29

সন্ত্রাসবাদী আক্ৰমণত অনন্তনাগ চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ বুজ গৃহমন্ত্ৰী অমিত শ্বাহৰ

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত জীৱন হেৰুওৱা লোকসকলৰ বাবে প্ৰতিজন ভাৰতীয়ই দুখ প্ৰকাশ কৰিছে। এই ঘটনাত নিহত লোকসকলৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত ৰখা নিহত লোকসকলৰ পাৰ্থিৱ দেহত মন্ত্ৰী শ্ৰীশ্বাহে মাল্যাৰ্পন কৰে। তেওঁ কয়, যে দেশৰ পৰা সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী শেষ হৈ নোযোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে যুঁজ চলাই যাব। ইয়াৰ পাছত শ্ৰীশ্বাহে সন্ত্রাসবাদী আক্রমণ সংঘটিত হোৱা পেহেলগামৰ বেইচৰণ এলেকা...