March 14, 2025 7:50 PM March 14, 2025 7:50 PM
2
কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব মন্ত্রী অমিত শ্বাহে
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ১৬৭ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকী যোৰহাট হৈ আইজললৈ যাত্ৰা কৰিব। গৃ...