June 1, 2025 7:58 PM

views 19

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক গৃহমন্ত্রী অমিত শ্বাহৰ তীব্র সমালোচনা

গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখ...