March 16, 2025 12:54 PM

views 13

অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছেঃ  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি তেওঁ কয়, যে অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্রী মোদীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ প্ৰায় আটাইবোৰ উগ্ৰপন্থী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু কেইবাটাও গোটে অস্ত্ৰ সম্বৰণো কৰিছে। ৰাজ্যখনত শা...