January 11, 2026 8:49 PM
9
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কেৰালাৰ থিৰুৱনন্তপুৰমত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মিছন, ২০২৬-ৰ শুভাৰম্ভ কৰে
জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি কেৰালাৰ থিৰুৱনন্তপুৰমত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মিছন, ২০২৬-ৰ শুভাৰম্ভ কৰে। থিৰুৱনন্তপুৰমৰ উদয় পেলেচ কনভেনচন কেন্দ্রত স্থানীয় পৌৰ নিগমৰ নিৰ্বাচিত বিজেপি সদস্যসকলক সম্বোধন কৰি তেওঁ কয়, যে বিকশিত কেৰালাৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ থকাটো অতি প্রয়োজনীয়। শ্রী শ্বাহে কয়, যে বিকশিত ভাৰতৰ পথ বিকশিত কেৰালাৰ যোগেৰেহে সম্ভব।