December 15, 2024 9:06 PM
81
মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়। ৰায়পুৰত ছত্তীশগড় আৰক্ষীক সন্মানীয় প্ৰেছিডেণ্টছ কালাৰ প্ৰদান অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ আগেয়ে ছত্তীশগড়ক নক্সালমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ ছত্তীশগড় আৰক্ষীয়ে সাহস আৰু নিষ্ঠাৰে নক্সাল বিৰোধী অভিযান চলাই আছে। তেওঁ কয় যে ছত্তীশগড় চৰকাৰে আত্মসমৰ্পণৰ উত্তম নীতি প্ৰস্তুত কৰিছে আৰু আত্মসমৰ্পণকাৰী মাওবাদীসকলক উপযুক্ত সুবিধ...