March 16, 2025 6:46 PM

views 25

বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কোকৰাঝাৰত প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই চুক্তিৰ ৮২ শতাংশ দফা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বুলি তেওঁ সদৰি কৰে। চুক্তিৰ বাকী থকা দফাসমূহ অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। পূৰ্বে বড়োলেণ্ড হিংসাৰ বাবে জনাজাত আছিল বুলি...