October 5, 2025 11:00 AM October 5, 2025 11:00 AM

views 19

২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত বাওপন্থী উগ্ৰবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পুনৰবাৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত বাওপন্থী উগ্ৰবাদৰ পৰা ভাৰতক মুক্ত কৰাৰ সংকল্পৰ কথা পুনৰবাৰ প্ৰকাশ কৰিছে। মাওবাদীসকলক হিংসাৰ পৰা আঁতৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাই তেওঁ কয়, যে সশস্ত্র সংগ্ৰামৰ পথত থকা সকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। কালি চত্তিশগড়ৰ জগদলপুৰত অনুষ্ঠিত হোৱা বস্তৰ দশেৰা লোক উৎসৱত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নক্সালবাদৰ সমস্যাৰ বাবে এই অঞ্চল উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। অৱশ্যে অহা বছৰৰ ৩১ মাৰ্চৰ পিছত উগ্ৰপন্থীয়ে বস্তৰৰ ...