November 12, 2025 12:25 PM

views 31

দিল্লীৰ ভয়াবহ বিস্ফোৰণৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে বিশেষ সতৰ্কতা জাৰি

নতুন দিল্লীত লালকিল্লাৰ সমীপত সোমবাৰে হোৱা গাড়ী বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় নিৰাপত্তা সৈতে বৈঠকত মিলিত হয়। গৃহ মন্ত্ৰীগৰাকীয়ে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী অপৰাধীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালকপ্রধানে অংশগ্রহণ কৰে। জম্মু-কাশ্...

September 21, 2025 7:55 PM

views 26

এজন ব্যক্তিয়ে যদি দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে এনে মহান কাম কৰিবলৈও অনুপ্ৰেৰণা যোগাব বুলি গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

এজন ব্যক্তিয়ে যদি নিজৰ জীৱনটো মানৱ সেৱা বিশেষকৈ দিব্যাংগসকলৰ প্ৰতি সেৱা আগবঢ়াই তেন্তে তেওঁৰ কামে আন বহুতকে অনুপ্ৰেৰণা যোগোৱাই নহয় বৰঞ্চ এনে মহান কাম কৰিবলৈও বহুতক অনুপ্ৰেৰণা যোগাই বুলি গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰে। ৰাজস্থানৰ যোধপুৰত শ্ৰী পাৰ্চমল বহৰা মহাবিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এইদৰে কয়। সমাজ সেৱাৰ এটা ক্ষুদ্র প্রচেষ্টাই দিব্যাংগসকলৰ বাবে বৃহৎ পৰিৱৰ্তন আনিব পাৰে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দিব্যাংগসকলক সহানুভূতিৰ দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে ঈশ্ব...

June 30, 2025 8:04 PM

views 16

দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিছে। সমবায় খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যপ্রাপ্তিৰ যাত্ৰাৰ অগ্ৰগতিৰ পর্যালোচনা, মত-বিনিময় আৰু ভৱিষ্যতৰ কাৰ্যপন্থা গঠনৰ ক্ষেত্ৰত এই মন্থন বৈঠক উপযুক্ত মঞ্চৰূপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বৈঠকৰ সময়ছোৱাত ২ লাখ নতুন বহুমুখী প্রাথমিক কৃষি ঋণ সমিতি গঠন, দুগ্ধ আৰু মীন সমবায় সমিতি স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। খাদ্য সুৰক্ষ...

February 10, 2025 8:54 PM

views 20

গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাৰ

জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই আজি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্রদান, সুৰক্ষা পৰিস্থিতি, বাজেট আৰু প্ৰশাসন সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পছত এয়া আছিল শ্ৰীআব্দুলাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে তৃতীয়টো সাক্ষাৎ।

January 8, 2025 1:47 PM

views 24

৩খন নতুন আইন ৰূপায়ণ সন্দৰ্ভত যোগী আদিত্যনাথৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৩ খন নতুন অপৰাধমূলক আইন শাস্তিমুখী নহয়, বৰঞ্চ ভুক্তভোগী কেন্দ্ৰিক আৰু ক্ষিপ্ৰ ন্যায়ৰ উদ্দেশ্যেৰে গঠিত বুলি প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নতুন দিল্লীত তিনিখন নতুন আইন ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ আটাইকেইটা আয়ুক্ততে এশ শতাংশ কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিব লাগে। উত্তৰ প্ৰদেশৰ দৰে বৃহৎ জনসংখ্যা থকা ৰাজ্যসমূহত নতুন অপৰ...

December 19, 2024 12:13 PM

views 31

অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত আজি উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক

নতুন দিল্লীত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত মূলতঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ লগতে জটিল নিৰাপত্তাজনিত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। জম্মু-কাশ্মীৰৰ শান্তি শৃংখলা উন্নত কৰিবৰ বাবে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাও বৈঠকখনত অংশ ল'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, কেন্দ্রীয় গৃহ সচিব গোৱিন্দ মোহন, চোৰাংচোৱা ব্যুৰ'ৰ সঞ্চালক তপন ডেকা, সেনা প্রধান উপেন্দ্র দ্বিবেদীকে ধৰি জেষ্ঠ সে...

November 2, 2024 12:16 PM

views 19

নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অমিত শ্বাহ আজি ৰাঁচীলৈ ৰাওনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি ঝাৰখণ্ডৰ ৰাঁচীলৈ যাব। তেওঁ দলৰ নেতাসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলাব। বিজেপিৰ নেতাগৰাকীয়ে কাইলৈ চৰাৰ ছিমৰীয়া, ঘাটছিলাৰ বালভূমগড় আৰু হাজাৰিবাগ জিলাৰ বৰকথাত তিনিখন নির্বাচনী সভাক সম্বোধন কৰিব। ইপিনে, ৰাজ্যখনত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনত শাসনাধিষ্ঠিত আই এন ডি আই মিত্ৰজোঁট আৰু বিৰোধী এন ডি এ মিত্ৰজোঁটৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ নির্বাচন সহ প্ৰভাৰী তথা অসমৰ মুখ্য...

November 1, 2024 12:19 PM

views 23

আহমেদাবাদৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদৰ পিৰানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি কৰিব। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰিব পৰা যাব। উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলো উপস্থিত থাকিব।

October 22, 2024 9:22 PM

views 19

ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু হৈছে। গুজৰাটৰ আনন্দত আজি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ হীৰক জয়ন্তী সমাৰোহত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বর্তমান মাত্ৰ ডেৰ কোটি দুগ্ধ উৎপাদক সমবায় খণ্ডৰ সৈতে জড়িত হৈ আছে যদিও অধিকাংশ মীন পালকৰ শোষণ অব্যাহত আছে। মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ দুগ্ধ উৎপাদন খণ্ডৰ বছৰি ৬ শতাংশ হাৰত বিকাশ হৈ আছে আৰু এই হাৰ বিশ্বৰ গড় হাৰতকৈ অধিক। তেওঁ লগতে ...

October 7, 2024 2:32 PM

views 16

বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পর্যালোচনা বৈঠকত গৃহমন্ত্রীৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি এই বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপ পৰামৰ্শদাতাৰ লগতে কেন্দ্ৰ, ৰাজ্য তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ শীর্ষ বিষয়াসকলেও অংশগ্রহণ কৰিছে। বৈঠকৰ পূৰ্বে গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰ...