October 13, 2025 12:51 PM

views 36

এদিনীয়া ভ্রমণসূচীৰে অমিত শ্বাহ আজি ৰাজস্থানৰ জয়পুৰত উপস্থিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া ভ্রমণসূচীৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত। এই ভ্রমণকালত তেওঁ নতুন ফৌজদাৰী আইন-ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৰূপায়ণৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী মুকলি কৰে। ছদিনীয়াকৈ আয়োজন কৰা এই প্রদর্শনীত নতুন আইনৰ মুখ্য বিধানসমূহৰ আলোকপাত কৰাৰ লগতে ৰাজস্থানত এই আইনসমূহ ৰূপায়ণৰ পাছত লাভ কৰা অগ্রগতিসমূহ দেখুওৱা হ'ব। ইয়াৰ পাছত শ্রীশ্বাহে এখন জনসভাত ভাষণ দিব। এই অনুষ্ঠানতে তেওঁ ৰাইজিং ৰাজস্থান গ...

September 22, 2025 7:21 PM

views 46

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হ...

September 16, 2025 1:14 PM

views 34

নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ’ৰ্চৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ'ৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই সন্মিলনে ড্রাগছমুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে এই লক্ষ্যত উপনীত হ'বলৈ ৰোডমেপ প্ৰস্তুত কৰাৰ কৌশলগত মঞ্চ হিচাপে কাম কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ দ্বাৰা আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে ইউনাইটেড ৰিজ'লভ, শ্বেয়াৰ্ড ৰেচপন্সিবিলিটি। ড্ৰাগছৰ ব...

August 28, 2025 6:55 PM

views 31

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিছুসময়ৰ পিছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হব। ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৰ্গই প্ৰকাশ কৰা অনুসৰি তেওঁক বিমান বন্দৰৰ পৰা পোনে পোনে বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ ৰাওনা হব। তেওঁ বিজেপিৰ মূল সমিটিৰ সৈতে বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব। ইয়াৰ পি...

August 28, 2025 1:22 PM

views 41

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব। শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। এ...

August 27, 2025 6:49 PM

views 36

অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতিৰ বুজ মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে গৃহমন্ত্ৰীগৰাকীয়ে পৰহিলৈ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ ২০ হাজাৰ পঞ্চায়ত প্ৰতিনিধিৰ অংশগ্রহণেৰে এখন পঞ্চায়ত সন্মিলনত ভাগ ল'ব। এই সন্মিলনত বিজেপিৰ ১৬ হাজাৰ ৬৭১ গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ লগতে অগপৰ ১৫ ...

July 12, 2025 8:46 PM

views 38

প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ’ব বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ'ব। শ্ৰী শ্বাহে আজি তিৰুৱনন্তপুৰমৰ পুথৰিকাণ্ডম খেলপথাৰত বিজেপিৰ ৱাৰ্ড স্তৰৰ বৈঠক সম্বোধন কৰি কয়, যে বিকশিত কেৰালা, বিকশিত ভাৰতৰ এক অভিন্ন অংগ। তেওঁ দুর্নীতি মুক্ত শাসন, সকলো শ্ৰেণী লোকৰ মাজত চৰকাৰী আঁচনিসমূহৰ সম-উপলভ্যতা, ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত উন্নয়ন- প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই তিনিটা মুখ্য বিষয়ে কেৰালাৰ বিকাশৰ বাবে বুনিয়াদ সৃষ্টি কৰিব। কেন্দ্ৰীয় ...

June 30, 2025 11:48 AM

views 36

হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ কৰিছে। তেলেংগানাৰ নিজামাবাদত অনুষ্ঠিত কৃষক সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতি লোক তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰা সকলৰ সৈতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয়। গৃহমন্ত্ৰীগৰাকীয়ে বাঁওপন্থী সন্ত্রাসবাদীসকলক অস্ত্ৰ সম্বৰণ কৰি দেশৰ মূল সুঁতিলৈ উভতি আহিবিলৈ আহ্বান জনায়। শ্ৰীশ্বাহে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক মাওবাদী মুক্ত কৰাৰ বাবে কেন্দ্ৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। কং...

June 23, 2025 11:29 AM

views 24

অমিত শ্বাহৰ অধ্যক্ষতাত ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া চত্তিশগড়ৰ ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই পর্যালোচনা বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে বাওঁপন্থী উগ্রবাদ অধ্যুষিত ৭ খন ৰাজ্য- চত্তিশগড়, অন্ধ্রপ্রদেশ, তেলেংগানা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ'ব বুলি শ্ৰীশ্বাহে সজোৰে কয়। আমাৰ নিৰাপত্তা বাহিনীসমূহৰ...

June 7, 2025 8:30 PM

views 48

দেশক নক্সালবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ – অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শেহতীয়া নক্সাল বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিষয়াসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকক ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন জনায়। শ্ৰী শ্বাহে সামাজিক মাধ্যমযোগে কয়, যে দেশক নক্সালবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ ৷ শ্ৰী শ্বাহে কয়, যে তেওঁ শীঘ্ৰে চত্তিগড় ভ্ৰমণ কৰিব আৰু নক্সাল বিৰোধী অভিযানসমূহ সফল কৰি তোলা সৈনিকসকলক সাক্ষাৎ কৰিব।