August 27, 2025 6:49 PM August 27, 2025 6:49 PM

views 20

অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতিৰ বুজ মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে গৃহমন্ত্ৰীগৰাকীয়ে পৰহিলৈ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ ২০ হাজাৰ পঞ্চায়ত প্ৰতিনিধিৰ অংশগ্রহণেৰে এখন পঞ্চায়ত সন্মিলনত ভাগ ল'ব। এই সন্মিলনত বিজেপিৰ ১৬ হাজাৰ ৬৭১ গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ লগতে অগপৰ ১৫ ...

July 12, 2025 8:46 PM July 12, 2025 8:46 PM

views 17

প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ’ব বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ'ব। শ্ৰী শ্বাহে আজি তিৰুৱনন্তপুৰমৰ পুথৰিকাণ্ডম খেলপথাৰত বিজেপিৰ ৱাৰ্ড স্তৰৰ বৈঠক সম্বোধন কৰি কয়, যে বিকশিত কেৰালা, বিকশিত ভাৰতৰ এক অভিন্ন অংগ। তেওঁ দুর্নীতি মুক্ত শাসন, সকলো শ্ৰেণী লোকৰ মাজত চৰকাৰী আঁচনিসমূহৰ সম-উপলভ্যতা, ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত উন্নয়ন- প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই তিনিটা মুখ্য বিষয়ে কেৰালাৰ বিকাশৰ বাবে বুনিয়াদ সৃষ্টি কৰিব। কেন্দ্ৰীয় ...

June 30, 2025 11:48 AM June 30, 2025 11:48 AM

views 19

হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ কৰিছে। তেলেংগানাৰ নিজামাবাদত অনুষ্ঠিত কৃষক সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতি লোক তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰা সকলৰ সৈতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয়। গৃহমন্ত্ৰীগৰাকীয়ে বাঁওপন্থী সন্ত্রাসবাদীসকলক অস্ত্ৰ সম্বৰণ কৰি দেশৰ মূল সুঁতিলৈ উভতি আহিবিলৈ আহ্বান জনায়। শ্ৰীশ্বাহে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক মাওবাদী মুক্ত কৰাৰ বাবে কেন্দ্ৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। কং...

June 23, 2025 11:29 AM June 23, 2025 11:29 AM

views 12

অমিত শ্বাহৰ অধ্যক্ষতাত ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া চত্তিশগড়ৰ ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই পর্যালোচনা বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে বাওঁপন্থী উগ্রবাদ অধ্যুষিত ৭ খন ৰাজ্য- চত্তিশগড়, অন্ধ্রপ্রদেশ, তেলেংগানা, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ'ব বুলি শ্ৰীশ্বাহে সজোৰে কয়। আমাৰ নিৰাপত্তা বাহিনীসমূহৰ...

June 7, 2025 8:30 PM June 7, 2025 8:30 PM

views 17

দেশক নক্সালবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ – অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শেহতীয়া নক্সাল বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিষয়াসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকক ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন জনায়। শ্ৰী শ্বাহে সামাজিক মাধ্যমযোগে কয়, যে দেশক নক্সালবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ ৷ শ্ৰী শ্বাহে কয়, যে তেওঁ শীঘ্ৰে চত্তিগড় ভ্ৰমণ কৰিব আৰু নক্সাল বিৰোধী অভিযানসমূহ সফল কৰি তোলা সৈনিকসকলক সাক্ষাৎ কৰিব।

May 26, 2025 9:02 PM May 26, 2025 9:02 PM

views 16

বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। নাগপুৰৰ জামাথা অঞ্চলত নেচনেল কেঞ্চাৰ ইন্সটিটিউটত কৰ্কট ৰোগীৰ আত্মীয়ৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা স্বাস্থ্য সুবিধা সন্দৰ্ভত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক আৰু স্নাতকোত্তৰ চিকিৎ‍সা পাঠ্যক্ৰমত চিকিৎসালয় আৰু আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেব...

May 23, 2025 3:25 PM May 23, 2025 3:25 PM

views 5

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছেঃ গৃহমন্ত্রী

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰে। শ্ৰী শ্বাহে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ যথাৰ্থ তথ্য আৰু সেনাবাহিনীৰ সাহসক শলাগ লয়। নতুন দিল্লীত আয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয়, যে সীমান্ত সুৰক্ষা বাহিনী আৰু সশস্ত্র বাহিনীসমূহে সাহসেৰে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ কৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সা...

May 13, 2025 12:35 PM May 13, 2025 12:35 PM

views 17

ভাৰতীয় সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীশ্বাহে পেহেলগামত নিহতসকলৰ আত্মাৰ প্ৰতি যথোচিত ন্যায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টান্তমূলক নেতৃত্বক শুভেচ্ছা জনায়। শ্রীশ্বাহে লগতে কয়, প্রধানমন্ত্ৰীয়ে দেশৰ শত্ৰুক সাৰি যাবলৈ দিয়া নাই। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰো প্ৰশংসা কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্রীক প্ৰশংসা কৰি কয়,...

April 23, 2025 1:22 PM April 23, 2025 1:22 PM

views 23

পহলগামৰ ঘটনাস্থলীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ

জম্মু-কাশ্মীৰৰ পহলগামত কালিৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৮ জন লোক নিহত হোৱাৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিশ্চিদ্র তালাচী অভিযান চলাইছে। সেনা বাহিনীৰ নৰ্ডান কমাণ্ডাৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰে এই অভিযান তদাৰক কৰি আছে। নিৰাপত্তাবাহিনীসমূহে অভিযানত স্নিফাৰ ডগো ব্যৱহাৰ কৰিছে। ঘটনাৰ তদন্তৰ বাবে নিয়োগ কৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থা- এন আই এৰ দল ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। কেন্দ্রীয় গৃহ ম...

April 23, 2025 12:34 PM April 23, 2025 12:34 PM

views 13

শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক

 জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম এলেকাত কালি অচিনাক্ত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্রাসবাদীয়ে আক্ৰমণ কৰা এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা-বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যোৱা নিশা শ্ৰীন...