March 21, 2025 6:44 PM March 21, 2025 6:44 PM
7
অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত হাজিৰ
খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক ২৫ মাৰ্চলৈ আৰক্ষীৰ জিম্মাত দিয়ে। অমৃত পাল সিঙকে ধৰি এই সাতজন সহযোগী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অসমৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। বন্দীত্বৰ ম্যাদ উকলি যোৱাৰ পাছত কালি তেওঁলোকক যোৱা বছৰ আজনালা আৰক্ষী থানাত আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ স্থানান্তৰ কৰে । পঞ্জাৱ আৰক্ষীৰ এটা ২৫ জনীয়া ...