March 25, 2025 7:08 PM

views 9

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজনালা আদালতত পুনৰ হাজিৰ

খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পঞ্জাৱৰ অমৃতসৰৰ আজনালা আদালতত পুনৰ হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক পুনৰ তিনি দিনৰ বাবে ২৮ মার্চ পর্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। তেওঁলোক ২০২৩ চনত আজনালা থানা আক্রমণৰ ঘটনাত জড়িত আছিল। ডি এছ পি গুৰৱিন্দ্ৰ সিঙে প্ৰকাশ কৰা অনুসৰি ২৫০ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু ইয়াৰে ৩৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। অমৃত পাল সিঙকে ধৰি এই সাতজন সহযোগী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অসমৰ ডিব্ৰুগড়ৰ কেন্দ্...

March 20, 2025 6:54 PM

views 11

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ কৰা হৈছে। যোৱা ১৬ মাৰ্চৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা ২৫ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলে তেওঁলোকক আজি আইনী প্রক্রিয়া অনুসৰি পঞ্জাৱলৈ লৈ যায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সিং আৰু তেওঁৰ ৯ জন সহযোগীৰ ভিতৰত ৭ জনৰ ওপৰত বলৱৎ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাৱ চৰকাৰে সিদ্ধান্ত লৈছিল। আজি পুৱাৰ ভাগত নেতাগৰাকীৰ...