October 12, 2025 9:01 PM October 12, 2025 9:01 PM
27
যদিহে পাকিস্তানে সু-সম্পর্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰো অন্য বিকল্প আছে বুলি আফগানিস্তানৰ বিদেশ মন্ত্রীৰ সকীয়নী
আফগানিস্তানৰ বিদেশ মন্ত্রী আমীৰ খান মুক্তাকিয়ে এইবুলি সঁকিয়াই দিছে যে, যদিহে পাকিস্তানে সু-সম্পর্ক আৰু শান্তি নিবিচাৰে, তেন্তে আফগানিস্তানৰো অন্য বিকল্প আছে। দিল্লীত আজি আফগানিস্তান আৰু পাকিস্তানৰ মাজত চলি থকা সংঘর্ষ সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনে ইয়াৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি যাব। তেওঁ কয়, যে পাকিস্তানৰ একাংশই পৰিস্থিতি বেয়াৰ পিনে ঢাল খুৱাবলৈ চেষ্টা কৰিছে। পাকিস্তানৰ জন-সাধাৰণে আফগানিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক বিচাৰে বুলি তেওঁ মন্তব্য ক...