April 24, 2025 8:24 PM

views 16

জম্মু-কাশ্মীৰৰ ঘটনাক লৈ বিতর্কিত মন্তব্য কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়কগৰাকীয়ে কালি এই আক্ৰমণক লৈ সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিল। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড়যন্ত্ৰ থকা বুলি তেওঁ কৰা বিতৰ্কিত মন্তব্যৰ বাবে দেশদ্রোহিতাৰ গোচৰত বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদ মেলত প্ৰকাশ কৰে। বিধায়কগৰাকীৰ এই বক্তব্যই ৰ...