October 9, 2025 6:11 PM October 9, 2025 6:11 PM

views 16

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰত ছেমি ফাইনেলত

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি চতুর্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমি ফাইনেলত প্ৰবেশ কৰে। প্ৰথম ছেটত ভাৰতে ৪৪-৪৫ পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত ৪৫-৩০ আৰু তৃতীয় ছেটত ৪৫-৩৩ পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে। ছেমি ফাইনেলত প্ৰবেশ কৰাৰ লগে লগে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ বাবে এটা পদক নিশ্চিত হ'ল। কাইলৈ ছেমি ফাইনেলত ইণ্ডোনেছিয়া আৰু ভাৰত মুখামুখি হ'ব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই বিশ্ব জুন...

October 8, 2025 12:19 PM October 8, 2025 12:19 PM

views 25

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰত-ইউ এ ই খেল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড, ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত খেলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কালিৰ খেলখনত শ্ৰীলংকাক ২-০ গেমত পৰাস্ত কৰি ভাৰতে গ্ৰুপ এইছৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পথ মুকলি কৰে। কালি অনুষ্ঠিত আন এখন খেলত ইউ এ ই-য়ে নেপালক ২-০ গেমত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত আজি নেপাল শ্ৰীলংকাৰ মুখামুখি হ'ব।