July 6, 2025 12:42 PM
16
আমেৰিকাৰ টেক্সাছত বৰষুণৰ ফলত হোৱা বানত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু
আমেৰিকাৰ টেক্সাছ প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু ঘটিছে। লগতে শিবিৰত থকা ২৫ গৰাকী লোক এই বানৰ পাছত নিৰুদ্দিষ্ট হৈছে। কেৰ কাউণ্টিৰ ছেৰিফ লেৰি লেইথাই কয়, যে নিহতসকলৰ ভিতৰত ১৫ গৰাকী শিশুকে ধৰি আন ১৮ জন লোক আছে। তেওঁ লগতে কয়, যে এই বানৰ ফলত কমেও ২৭ গৰাকী লোক নিৰুদ্দেশ হৈছে। যোৱা শুকুৰবাৰে হোৱা এই বানে ৪৫ মিনিটৰ ভিতৰতে কালৰূপ ধাৰণ কৰে আৰু ৮ মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱা পানীয়ে ঘৰ-দুৱাৰ আৰু যান-বাহন উটুৱাই লৈ যায়। ছান এণ্টনিঅ'ৰ বাহিৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহু অঞ্চল ক্...